Monday 3 February 2014

বুলবুল ’ তুলতুল
  সেউতী তৰা
লুকা-ভাকু ভাল নালাগে
খেল কইনা দৰা 
তুলতুল আমাৰ কইনা হওক
বুলবুল হওক দৰা
মই নামতী নাম লগাই দিওঁ
দৰাঘৰীয়াক  যোৰা
’ সেউতী  দৰা মাক
ঘট-টেকেলী ধৰা 
কোৰোকাৰে দুৰলীতে
চাউল হব বালি
কচু পাতত শলাকানি
সেয়ে  চাকি
পানী-পচাত পানী তুলিম
দুৰণিৰ ঘাট গড়া 
পাতাবাহাৰ পাত আনি
বেই খনি  সাজি
মিছা-মিছি হালধিৰে
দুইকো নোৱাম আমি
তৰাই  তুলতুলক
সেউতীয়ে বুলবুলক
দাঙি আনি বহুৱাম
বেই তলৰ পৰা 
মোৰ মৰ বর্ণিল জোন...